দিল্লীৰ পাহাৰগঞ্জ অঞ্চলৰ খান্না মাৰ্কেট আৰু বিবেক হোটেলৰ ওচৰত বৃহস্পতিবাৰে নিশা এটা অট্টালিকা খহি পৰে। এই দুৰ্ঘটনাত এটি ৩ বছৰীয়া শিশুৰ মৃত্যু হয়। আনহাতে প্ৰথম মহলাৰ এজন বাসিন্দা আৰু তিনিটা শিশু এতিয়াও ধ্বংসাৱশেষত আৱদ্ধ হৈ আছে।
ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিছে। এই সকলৰ ভিতৰত আছে এটা তিনি বছৰীয়া শিশু, দুগৰাকী ছোৱালী আৰু তেওঁলোকৰ দেউতাক। অগ্নি নিৰ্বাপক বিভাগৰ এজন বিষয়াই প্ৰকাশ কৰা অনুসৰি পুৱা ৮:৪০ বজাত এটা ঘৰ খহি পৰাৰ খবৰ পোৱা গৈছিল। যাৰ পিছত ঘটনাস্থলীলৈ ৭ খন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰা হৈছিল। পাহাৰগঞ্জৰ অসামৰিক প্ৰতিৰক্ষাবিভাগৰ ৱাৰ্ডেনো ঘটনাস্থলীত উপস্থিত হৈছে।