ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। লক্ষীপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ লগতে মণিপুৰৰ ৩জনক গ্ৰেপ্তাৰৰ কৰাৰ উপৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৪জনক গ্ৰেপ্তাৰ কৰে।
সৰবৰাহকাৰী কেইজনৰ পৰা ৩৮টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়। চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ৫০০ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। তদুপৰি, তেওঁলোকৰ পৰা ১৫,৮০০ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হয়। জব্দ কৰা হেৰ’ইনৰ আৰু টেবলেটৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব। কাছাৰ আৰক্ষীয়ে সদৰি কৰামতে, মণিপুৰৰ ফেৰজোল জিলাৰ পৰা বুজন পৰিমাণৰ হেৰ’ইন আৰু টেবলেট লৈ কাছাৰ জিলালৈ আহিছিল মণিপুৰৰ তিনিজন ড্ৰাগছ ব্যৱসায়ী। গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে লক্ষীপুৰ আৰক্ষীৰ দল এটাই এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে অভিযান চলাই লক্ষীপুৰৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে।