ৰাহুল গান্ধীক বিগত চাৰিদিনত প্ৰায় ৪০ ঘণ্টা জেৰা কৰা হৈছে। ইয়াৰ পিছতো ৰাহুল গান্ধীৰ উত্তৰত সন্তুষ্ট হব পৰা নাই ED। আজি কংগ্ৰেছ নেতাজনক পুনৰ EDৰ কাৰ্যালয়লৈ তলব কৰা হৈছে। উল্লেখ্য যে, নেচনেল হেৰাল্ড গোচৰত ৰাহুল গান্ধীক জেৰা কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। সোমবাৰেও ৰাহুল গান্ধীক দীৰ্ঘ সময় ধৰি জেৰা কৰিছিল ইডিয়ে। নিশা ১২ বজাৰ পূৰ্বে ইডি কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হয়। তাৰ পিছত আজি পুনৰ তলব কৰা হৈছে।
ইয়াৰ পূৰ্বে বিগত সপ্তাহৰ সোমবাৰৰ পৰা বুধবাৰ পৰ্যন্ত ৰাহুল গান্ধীক জেৰা কৰিছিল EDয়ে। কিন্তু মাতৃ ছোনিয়া গান্ধী হাস্পতালত ভৰ্তি হৈ থকাৰ বাবে মাজতে কেইটামান দিন বিৰতি দিয়া হয়। পুনৰ সোমবাৰে ইডিৰ কাৰ্যালয়ত হাজিৰ হয় ৰাহুল গান্ধী। সোমবাৰেই হাস্পতালৰ পৰা ওলাইছে ছোনিয়া গান্ধী। কোভিডৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা কিছু সমস্যাত ভুগিছিল তেওঁ।