কামৰূপ জিলাৰ বকোত আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত আটংকৰ সৃষ্টি হৈছে। জানিব পৰা মতে বকোৰ পুঠিমাৰী শালমাৰা অনুসূচীত আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰায় ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত তেওঁলোকক স্থানীয় ৰাইজে ততাতৈয়াকৈ কাষৰ ছমৰীয়া ৰাজ্যিক চিকিৎসালত ভৰ্তি কৰে।
ইয়াৰে বৰষা শীল, প্ৰতিমা ৰায় আৰু ৰিয়া শীল নামৰ ছাত্ৰী ৩ গৰাকীৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ৰ পৰা বকো গ্ৰাম্য চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দুপৰীয়াৰ আহাৰত বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰাৰ লগতে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।