গ্ৰীষ্মকালীন ছুটী খোলাৰ প্ৰথম দিনটোতেই এক নজিৰ সৃষ্টি কৰিলে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ত এদিনতে ৪৪টা গোচৰৰ নিষ্পত্তি কৰা হয়। ইয়াৰে ২০টা গোচৰত কেৱল ন্যায়াধীশ এম আৰ শ্বাহেই দিছে ৰায়।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত ২৩ মে’ৰ পৰা ১০ জুলাইলৈ গ্ৰীষ্মকালীন ছুটী আছিল। ১১ জুলাইত আদালত খোলাৰ পাছতে ইটোৰ পিছত সিটো গোচৰৰ শুনানি আদালতত গ্ৰহণ কৰা হয়৷ অপৰাধমূলক গোচৰৰ পৰা জনস্বাৰ্থ, বেংকিং আৰু বাণিজ্যিক বিষয়লৈকে আদালতক অৱমাননা কৰাকে ধৰি প্ৰায় সকলো ধৰণৰ গোচৰ আছিল এইখন তালিকাত।
আইনজীৱী সকলৰ দাবী, ‘দীঘলীয়া সময়ৰ অন্তত ন্যায়াধীশসকলে বিভিন্ন গোচৰৰ অধ্যয়ন কৰিবলৈ সময় পাইছে। সেইবাবে, অৱকাশৰ প্ৰয়োজন আছে।’ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ কে জি বালাকৃষ্ণনেও একে মন্তব্যই কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ‘অৱকাশ থাকিলে ৰায়দানত সুবিধা হয়। বিচাৰকসকলে বিভিন্ন বিষয়ত গৱেষণা কৰিবলৈ সময় পায়। ইয়াৰ প্ৰতিফলন ঘটিছে শুনানিত।’