কৰ্মসংস্থাপনৰ বাবে নগাঁৱৰ পৰা যোৱা প্ৰায় ৫০ জন লোকক অন্ধপ্ৰদেশত বন্দী কৰি ৰখাৰ চাঞ্চল্যকৰ ঘটনা অলপতে পোহৰলৈ আহিছে ৷ বিগত চাৰি দিন ধৰি এখন হোটেলত বন্দী কৰি ৰখা হৈছে অন্ধপ্ৰদেশত৷ বন্দী হৈ থকা লোকে টেলিফোন যোগে ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰাত এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ নগাঁও, মৰিগাঁও, লক্ষীমপুৰ আদিৰ পৰা বিভিন্ন এজেন্টে অন্ধপ্ৰদেশত কাম কৰিবৰ কাৰনে বিভিন্ন লোকক প্ৰেৰণ কৰে৷ এই লোক সকলক নগাঁও চহৰলৈ আনি চাৰি দিন পূৰ্বে অন্ধপ্ৰদেশলৈ বাছ যোগে প্ৰেৰণ কৰা হৈছিল৷ বাছেৰে বহি:ৰাজ্যখনলৈ যাবলৈ ৫০ জন লোকে নগাঁৱত ৩৫০০ শ টকাকৈ এজেন্টক আদায়ো দিছিল৷
নগাঁও চহৰৰ ধিঙ গেইটত থকা বাছ আস্থানৰ পৰা গাড়ীত যোৱা লোকসকলক অন্ধপ্ৰদেশ পোৱাৰ পিছত বন্দী কৰা হয় ৷ শ্ৰমিক হিচাপে যোৱা এই সকল লোকে নগাঁৱত এজেন্টক গাড়ী ভাড়া আদায় দিছিল যদিও সেই এজেন্টে গাড়ীৰ পৰিচালকক ভাড়াৰ ধন আদায় নিদিয়াতে সকলো শ্ৰমিৰৰ পন বন্দী কৰে৷ ইফালে ভাড়াৰ ধন গাড়ীৰ পৰিচালকে আদায় নোপোৱাত ৫০ জনকৈ লোকক এনেদৰে বন্দী কৰি ৰখাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অন্ধপ্ৰদেশলৈ শ্ৰমিক হিচাপে লৈ যোৱা এজেন্ট সকলৰো বৰ্তমান কোনো সন্ধান নাই ৷ হোটেলৰ কোঠাত বন্দী হৈ থকা লোক সকলে বিগত চাৰি দিনে খাবলৈ নাপায় অনাহাৰে থাকিব লগা হৈছে৷ জানিব পৰা মতে, অন্ধপ্ৰদেশ, কেৰেলা আদিলৈ নগাঁৱৰ পৰা পোনপতীয়া বাছ সেৱা আছে আৰু এই বাছেৰে অসমৰ পৰা বিভিন্ন এজেন্টে কাম কৰিবৰ বাবে শ্ৰমিক প্ৰেৰণ কৰে৷ শ্ৰমিক প্ৰেৰণ কৰাৰ নামত এজেন্ট সকলে এক মোটা অংকৰ ধন আদায় কৰে বহি:ৰাজ্য দুখনৰ পৰা৷ এই এজেন্ট সকলে বিভিন্ন সময়ত বিভিন্ন আইনবিৰোধ কাৰ্য সংঘটিত কৰি আহিছে যদিও আৰক্ষী বা প্ৰশাসনে এই এজেন্ট সকলৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ যাৰ বাবে ৫০ জনকৈ অসমৰ লোক অন্ধপ্ৰদেশৰ হোটলত বন্দী হৈ থাকিব লগা হৈছে৷ জানিব পৰা মতে বন্দী হৈ থকা সকলৰ মাজত দুগৰাকী মহিলাও আছে ৷