মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে শিলচৰ নগৰত বিধ্বংসী বানপানীৰ সৃষ্টি কৰা আৰু মথাউৰি ভংগ কৰাৰ আঁৰত ৬ জন লোকক দোষী হিচাপে চিনাক্ত কৰা হৈছে। যোৱা ২৪ মে’ত জলসম্পদ বিভাগে চহৰৰ মাজমজিয়াৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰৈত থকা বেথুকান্দিৰ মথাউৰি কাটি বৰষুণৰ ফলত জলাশয়ত জমা হোৱা পানী বৰাক নদীত নিষ্কাশন কৰিবলৈ দিয়াৰ বাবে অজ্ঞাত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে এজাহাৰ ৰুজু কৰিছিল। এনে এক অসামাজিক তথা অবিবেচক কামৰ বাবেই সমগ্ৰ শিলচৰ নগৰত বিধ্বংসী বানপানীৰ সৃষ্টি হয়। শেহতীয়াকৈ এই ৬ জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Visited Bethukandi dyke on river Barak in Cachar district & reviewed ongoing reconstruction activities being undertaken on breached locations. Instructed officials to ensure that quality raw material is being used. @jayanta_malla @drrajdeeproy pic.twitter.com/KpCJH07RO3
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 1, 2022
শিলচৰৰ মুখ্য কাৰ্যালয়ত সাংবাদিক সকলৰ আগত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে ঘটনাৰ সন্দৰ্ভত গুৱাহাটীত CIDৰ দ্বাৰা এটা গোচৰ ৰুজু কৰা হৈছে। CIDৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানে গোচৰটোৰ তদন্তৰ নেতৃত্ব দিব আৰু এক বিশেষ টাস্ক ফ’ৰ্চে তদন্ত নিৰীক্ষণ কৰিব। শিলচৰত তৃতীয়বাৰ ভ্ৰমণৰ সময়ত বেথুকান্দিত মথাউৰি মেৰামতিৰ কাম পৰিদৰ্শন কৰাৰ পিছতে ৰাইজক আশ্বাস প্ৰদান কৰি মথাউৰিটোৰ ক্ষতি কৰাৰ আঁৰত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে। যাৰ ফলস্বৰুপে ৬জন লোকক দোষী হিচাপে চিনাক্ত কৰা হৈছে।
Visited a flood relief camp at Adharchand Higher Secondary School, Silchar to enquire about well-being of the affected people sheltered there and instructed officials to do the needful for early resolution of their grievances. pic.twitter.com/srPTsw5vgp
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 1, 2022
আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে শিলচৰৰ বানত নিহত ১০ জন লোকৰ আত্মীয়ক ৪ লাখ টকাৰ চেক বিতৰণ কৰে। মৃত্যু হোৱা আন লোকসকলৰ আত্মীয়ক সকাহ দিয়াৰ প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ হ’ব বুলি জানিব দিয়ে। শৰ্মাই ক্ষতিপূৰণ ক্ষিপ্ৰতাৰে প্ৰদান কৰাটো নিশ্চিত কৰাৰ বাবে জিলা কৰ্তৃপক্ষক ১৫ জুলাইৰ ভিতৰত ক্ষতি আৰু লোকচানৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ভয়াৱহ বানপানীৰ ফলত কমেও ১০০০-কোটি ক্ষতিসাধন হৈছে বুলি মন্তব্য আগবঢ়ায়।