মুম্বাই আৰক্ষীৰ এন্টি নাৰ্কোটিক্স চেলে প্ৰায় ২৫০০ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰৰ এক সফল অভিযান সম্পন্ন কৰে। জানিব পৰা মতে নাৰ্কোটিক্স বিৰোধী কোষে এই সংক্ৰান্তত অম্বৰনাথৰ পৰা এটা ৰাসায়নিক কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ কৰিছে।
তথ্য অনুসৰি, এই ঘটনাৰ মূল অভিযুক্ত প্ৰেম শংকৰ সিঙে অম্বৰনাথৰ NAMAU CHEMICAL FACTORY নামৰ কাৰখানাটোত নিচাযুক্ত সামগ্ৰীৰ তৈয়াৰ কৰিছিল। এন্টি নাৰ্কোটিক্স চেলে প্ৰায় ২৫০০ কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰৰ গোচৰত এই পৰ্যন্ত কাৰখানাটোৰ মালিকসহ ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
জানিব পৰা মতে, এটা কেমিকেল কোম্পানীৰ আলম লৈ ইয়াত বৃহৎ পৰিমাণে মেফেড্ৰ’ন নামৰ নিচাযুক্ত সামগ্ৰীবিধৰ নিৰ্মাণ কৰা হৈছিল আৰু তাৰ পিছত, ইয়াৰ পৰা নাল্লাচোপাৰাৰ এটা ফেক্টৰীলৈ সেইসমূহ পৰিবহন কৰা হৈছিল। নাৰ্কোটিক্স দলৰ অভিযানত নাল্লাচোপাৰাৰ ফেক্টৰীৰ পৰা ৭০৫ কিলোগ্ৰাম মেফেড্ৰ’ন জব্দ হৈছিল।
উল্লেখ্য যে, নিচাযুক্ত সামগ্ৰী নিৰ্মাণৰ সময়ত অহা দুৰ্গন্ধৰ বাবে এই কোম্পানীটোত কাম কৰা কৰ্মচাৰীসকলে পাছত এইটো কৰিবলৈ অস্বীকাৰ কৰাত মূল অভিযুক্ত প্ৰেম শংকৰ সিঙে গুজৰাটৰ ভাৰুচৰ এটা ৰাসায়নিক কোম্পানীলৈ ইয়াৰ নিৰ্মাণ স্থানান্তৰিত কৰিছিল। এন্টি নাৰ্কোটিক্স কোষে এই কোম্পানীটোৰ পৰা ৫১৩ কিলোগ্ৰাম মেফেড্ৰ’ন জব্দ কৰাৰ লগতে মালিকক গ্ৰেপ্তাৰ কৰে।