ধেমাজি জিলাত কিছু সুবিধাবাদী ব্যৱসায়ীৰ পৃষ্ঠপোষকতাত কিছু কৃষকৰ অজ্ঞতাৰ সুযোগ গ্ৰহন কৰি গাঁৱে-গাঁৱে কম দামত ধান ক্ৰয় কৰাৰ কু অভিসন্ধি কাৰ্য্য পোহৰলৈ আহিছে। এই ধৰণৰ কু অভিসন্ধি উৎখাত কৰাৰ উদ্দেশ্যে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ নিৰ্দেশত ধেমাজিৰ খাদ্য, অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক বিৰিঞ্চি কুমাৰ দত্তই বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি ধেমাজি নগৰৰ পৰা নাতিদূৰত অৱস্থিত মৰিঢল চাৰিআলিৰ সমীপত তালাচি অভিযান চলায়।
এই অভিযানত তিনিজন ব্যৱসায়ী ক্ৰমে সিধ্বু ৰাঠী, ৰামপিত সিং আৰু প্ৰফুল্ল গগৈৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মুঠ ৮৮৬ বেগ শালি ধান (৩৩১ কুইণ্টল) জব্দ কৰে ৷ উল্লেখ্য যে ধেমাজি অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালকৰ আগত ব্যৱসায়ী কেইজনে কৃষক সকলৰ পৰা ধান প্ৰতি কুইন্টলত ১৭০০ টকাকৈ (২০৪০ টকাকৈ চৰকাৰে নিৰ্ধাৰণ কৰা) লোৱা বুলি স্বীকাৰ বুলি কৰিছে৷ ইতিমধ্যে যোগান বিভাগে জব্দ কৰা ধান সমূহ ব্যৱসায় কেইজনৰ ঘৰতে চীল কৰি ৰখা হৈছে বুলি বিভাগে জনাইছে৷