কিছুদিনৰ পূৰ্বে এগৰাকী নগা যুৱতীক ড্ৰাগছসহ চৰাইদেউ আৰক্ষীয়ে আটক কৰাৰ পিছত আজি পুনৰ এগৰাকী ২০ বছৰীয়া যুৱতীক বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ সোণাৰি আৰক্ষীয়ে আটক কৰে৷
সোণাৰি নগৰৰ ৪নং ৱাৰ্ডৰ এটা ভাড়াঘৰৰ পৰা ৫টা বাকচ জব্দ কৰাৰ লগতে মৌচুমী বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। গোলাঘাটৰ পৰা সোণাৰিত বাহৰ পাতি ড্ৰাগছৰ ব্যৱসায় কৰা ধৃত মৌচুমী বেগমৰ পৰা আৰক্ষীয়ে কনটেইনাৰসহ প্ৰায় ৭০ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে। বৰ্তমান সোণাৰি আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি যুৱতীগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে৷ যুৱতীগৰাকীৰ পৰা দুটা ম’বাইল ফোনো আৰক্ষীয়ে জব্দ কৰে।