দৰঙৰ কটাহীত নিৰ্মম হত্যাৰ বলি হব লগা হয় পৰেশ চহৰীয়া নামৰ এগৰাকী প্ৰায় ৪২বছৰীয়া ব্যক্তি৷ জানিব পৰা মতে, সোমবাৰে নিশা জিতুমনি নাথ নামৰ ২৬ বছৰীয়া এজন লোকে নিচাসক্ত অৱস্থাত আহি পৰেশ চহৰীয়াৰ ঘৰত উৎপাত কৰে। ঘৰৰ গৃহস্থ পৰেশ চহৰীয়াই জিতুমণিক বাধা দিয়াত জিতুমণি খৰ্গহস্ত হৈ ওচৰতে থকা এখন চিপৰাঙেৰে কোবাই পৰেশ চহৰীয়াক হত্যা কৰে৷
খবৰ পোৱা লগে লগে পাথৰিঘাট আৰক্ষী ঘটনাস্থলিত উপস্থিত হয় যদিও জিতুমণিয়ে ঘটনা সংঘটিত কৰি পলায়ন কৰে। আৰক্ষীয়ে ৰাতিয়েই হত্যাকাৰী জিতুমনি নাথক হাপামাৰাস্থিত জিতুমণিৰ শহুৰেকৰ ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্তুু বৈশ্যই তদন্ত আৰম্ভ কৰিছে ৷
দুটি সন্তানৰ পিতৃ পৰেশ চহৰীয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। অঞ্চলবাসীয়ে হত্যাকাৰী জিতুমণি নাথক উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে অঞ্চলটোত অবাধ প্ৰচলন হৈ থকা নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী বন্ধ কৰিবলৈও প্ৰশাসনক আহ্বান জনায়।