জোনাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা জেলম গাঁৱত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। মিচিং সকলৰ কৃষি ভিত্তিক উৎসৱ আলি আই লৃগাঙৰ দিনাই সন্ধিয়া প্ৰায় ৫.৩০ বজাত পুৰণা জেলম গাঁৱৰ বাবাই দলেৰ বাসগৃহত কোনো নথকা অৱস্থাত পাকঘৰৰ পৰা জুইৰ সূত্ৰপাত হৈ ঘৰটো নিমিষতে ছানি ধৰে।
অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ বহু সা-সম্পত্তি জ্বলি ছাই হয়। গাঁৱৰ ৰাইজে অপ্ৰাণ চেষ্টা কৰিও পাগঘৰটোৰ পৰা জুই নুমুৱাবলৈ সক্ষম নহ’ল। অৱশ্যে মূল ঘৰটো জোনাই অগ্নিনিৰ্বাপক বাহিনীয়ে আহি জুই নুমাই ৰক্ষা কৰিবলৈ সক্ষম হয়৷