দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত পলাশবাৰী আৰক্ষী থানাৰ এখন ব’লেৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি পানীত পৰে।
জানিব পৰা মতে, এজন আচামীক আৰক্ষীৰ এটা দলে লগত লৈ যোৱাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, বিজয়নগৰ আৰক্ষী চকীৰ আই চি আৰু মহিলা আৰক্ষীসহ ৬ জন ব্যক্তি। তেওঁলোক হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিৱেন্দ্ৰ ব্ৰহ্ম, বিজয়নগৰ আৰক্ষী চকীৰ আই চি লাবণ্য বড়ো, পলাশবাৰী থানাৰ হীৰকজ্যোতি বণিয়া মাইনুল হক, দিপালী বৰা আৰু আচামী ইদ্ৰিছ আলী।
আহত আৰক্ষীসকলৰ ভিতৰত পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিৱেন্দ্ৰ ব্ৰহ্ম, বিজয় নগৰ আৰক্ষী চকীৰ আই চি লাবণ্য বড়ো আৰু মহিলা কনিষ্টবল দিপালী বৰাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।