লোককৃষ্টিৰে চহকী দৰং জিলাৰ থলুৱা ভাষা কৃষ্টিক লৈ সামাজিক মাধ্যমত উপলুঙা কৰি ৰাইজৰ আগত হাঁহিয়াতৰ সমল কৰি প্ৰচাৰ কৰাত দৰঙৰ জাতীয় সংগঠন, বিভিন্ন দল সংগঠন ক্ষোভিত হৈ পৰিছে এজন ইউটিউবাৰৰ বিৰুদ্ধে। বিশেষকৈ, ভঙা টিভি নামৰ ইউটিউব চেনেলৰ দীপজ্যোতি ডেকাই ভাষাটোক বিকৃত কৰি প্ৰচাৰ কৰাৰ অভিযোগ উঠিছে। দুজনীকৈ তিৰোতা বিয়া কৰোৱা দেখুৱাই ঘৰুৱা কাজিয়াৰ প্ৰতীক হিচাপে লৈ দৰঙৰ পৰিয়াল আৰু সমাজ ব্যৱস্থাকেই বিকৃত কৰাৰ অভিযোগ উঠিছে।
এই সম্পৰ্কত দৰং জিলা সাহিত্য সভা, আছু, যুৱ ছাত্ৰ পৰিষদ, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘ, মঙ্গলদৈ নাগৰিক মঞ্চ আদি সংগঠনে ইউটিউবাৰগৰাকীক দৰঙী ভাষা লোককৃষ্টিক বিকৃত আৰু উপলুঙা নকৰিবলৈ সকীয়াই দিয়ে। সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে ইউটিউব এতিয়া এটা জনপ্ৰিয় সামাজিক মাধ্যম বুলি কৈ ইয়াৰ জৰিয়তে দৰঙী লোককৃষ্টি ভাষাটোক সঠিক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আহবান জনায়।
মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেণ বণিয়াই অভিযোগ কৰি কয় যে কৌতুকৰ নামত ভঙা টিভিয়ে দৰঙী ভাষা কৃষ্টিক অৱমাননা কৰিছে। এনেধৰণৰ তাচ্চল্য সূচক প্ৰচাৰে নতুন প্ৰজন্মক ক্ষতিগ্ৰস্ত কৰিব, সেয়েহে তেনেধৰণৰ বিকৃত প্ৰচাৰ বন্ধ কৰিব লাগে বুলিও দাবী কৰে।