নলবাৰীৰ শুশ্ৰুষা হাস্পতালত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুমী কাকতিৰ আকস্মিক মৃত্যুক লৈ কালি নিশা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ভুল চিকিৎসাৰ বলি হৈ গৰ্ভৱতী মহিলা অধ্যাপিকাৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। সন্তান জন্মৰ সময়ত সকলো ঠিকে থকা অধ্যাপিকাৰ পিছদিনা আকস্মিক মৃত্যু হোৱাত পৰিয়ালৰ লোক হতভম্ব হৈ পৰিছে।
চিকিৎসকে চিকিৎসাৰ ক্ষেত্ৰত হেমাহি কৰাৰ অভিযোগ উত্থাপন কৰিছে অধ্যাপিকাগৰাকীৰ স্বামী জয়ন্ত কলিতাই। স্বামী তথা আত্মীয়ৰ অভিযোগ মতে, হাস্পতালখনৰ চিকিৎসক ডাঃ জয়ন্ত দাসৰ ভুল চিকিৎসাৰ বাবে অধ্যাপিকা ৰুমী কাকতিয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।
উল্লেখ্য যে, প্ৰসুতিজনিত কাৰণত সহকাৰী অধ্যাপিকাগৰাকীক তিনিদিন পূৰ্বে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁ ২৫ আগষ্টৰ পুৱাৰ ভাগত সুকলমে এটি পুত্ৰ সন্তান জন্ম দিয়। ২৫ আগষ্টৰ দিনটোত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সকলো ঠিকে থাকে আছিল যদিও ২৬ আগষ্টত মহিলা গৰাকীৰ ব্লাড প্ৰেছাৰ বৃদ্ধি পোৱাত তেওঁক চিকিৎসকে আই চি ইউত ভৰ্তি কৰায়।
কিন্তু সন্ধিয়াৰ ভাগত দিনীয়া শিশুটিক এৰি মহিলাগৰাকীৰ মৃত্যু হোৱাত পৰিয়ালৰ তথা অঞ্চলটোৰ লোকৰ মাজত এক শোকাকুল পৰিৱেশে আৱৰি ধৰিছে।