মঙলবাৰে সন্ধিয়া হাৰিয়ানাৰ চনিপতত এক পথ দুৰ্ঘটনাত পাঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ মৃত্যু হয়। তথ্য অনুসৰি, দিল্লীৰ পৰা উভতি অহাৰ সময়ত সিদ্ধুৰ গাড়ীখনে এখন ট্ৰলীত খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হয়।
উল্লেখ্য যে, এইগৰাকী দীপ সিদ্ধু ২০২১ৰ কৃষক আন্দোলনৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত আছিল আৰু তেওঁ বৰ্তমান জামিনত আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, দীপ সিদ্ধু দিল্লীৰ পৰা পঞ্জাৱৰ বাথিণ্ডালৈ গৈ আছিল আৰু সেই যাত্ৰাৰ সময়তে তেওঁৰ গাড়ীখনে এখন ট্ৰেইলাৰত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ ফলত দীপ সিদ্ধুৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী মহিলা আহত হৈছে। এই দূৰ্ঘটনাটো কুণ্ডলী মানেচাৰ এক্সপ্ৰেছৱেৰ সোনেপতৰ পিপলি টোলৰ ওচৰত নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছিল।
কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে লালকিল্লাত কৃষকৰ আন্দোলনৰ সময়ত দীপ সিদ্ধু চৰ্চালৈ আহিছিল। অভিনেতাজন যোৱা বছৰৰ ২৬ জানুৱাৰীত লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাত অভিযুক্ত কৰা হৈছিল। তেওঁক এই অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।