কৌতুক অভিনেতা কুনাল কামৰাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে (NCPCR) কিশোৰ ন্যায় আইন উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাষ্ট্ৰীয় শিশু সুৰক্ষাআয়োগে টুইটাৰযোগে দিল্লী আৰক্ষীক এই সন্দৰ্ভত কঠোৰ পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ জাৰ্মানী ভ্ৰমণৰ সময়ত মোদীৰ সন্মুখত ‘হে জন্মভূমি ভাৰত’ গানটো পৰিৱেশন কৰিছিল এটি শিশুৱে। ইয়াৰ পাছতে কৌতুক অভিনেতা কুনাল কামৰাই ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি ভিডিঅ’টোক তীব্ৰ সমালোচনা কৰাত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে (এনচিপিচিআৰ) কুনালৰ বিৰুদ্ধে কিশোৰ ন্যায় আইন উলংঘা কৰাৰ অভিযোগ দাখিল কৰিছে৷
টুইটাৰকো কুনাল কামৰাৰ উক্ত টুইটটো বিলুপ্ত কৰিবলৈ দাবী জনোৱাৰ লগতে দিল্লী আৰক্ষীকো কৌতুক অভিনেতাজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাই কেন্দ্ৰীয় সংস্থাটোৱে দুই ঠাইলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে।