মন্ত্ৰী বিমল বৰাৰ পিছত এইবাৰ মহানগৰ জিলা উপায়ুক্তৰ নামত ভূৱা whatsapp একাউণ্ট খুলি ধন দাবী কৰিছে এটা দুষ্টচক্ৰই।
উল্লেখ্য যে, উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নামত বিভিন্ন লোকৰ পৰা ধন সৰকাইছে কেইজনমান দুষ্ট লোকে। আনকি উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীলৈও গৈছে ধন বিচাৰি মেছেজ। এই সন্দৰ্ভত তদন্ত কৰিবলৈ ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত গোচৰ দিছে উপায়ুক্তই।