শ্ৰদ্ধা হত্যাকাণ্ডই জুকাৰি গৈছে সমগ্ৰ দেশ। এই হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাৰ নাৰ্কো পৰীক্ষাৰ বাবে দিল্লী আৰক্ষীয়ে আদালতৰ পৰা অনুমতি বিচাৰিছিল। দিল্লীৰ সাকেত কোৰ্টে ইতিমধ্যে নাৰ্কো পৰীক্ষা কৰাৰ অনুমতি প্ৰদান কৰিছে।
উল্লেখ্য যে, শ্ৰদ্ধাৰ প্ৰেমিক আফটাব আমিন পুনাৱালাই শ্ৰদ্ধাক হত্যা কৰি ৩৫ টুকুৰা কৰিছিল আৰু এই টুুকুৰা সমূহ আফটাবে ফ্ৰীজত ভৰাই থৈছিল। শ্ৰদ্ধাৰ কটা মূৰতো শেষত পেলাইছিল আফটাবে।
কেৱল ইমানেই নহয়, শ্ৰদ্ধাৰ মূৰতো কটাৰ পাছত মুখত মেকআপো কৰিছিল আফটাবে। উল্লেখ্য যে, এই টুকুৰা সমূহ পেলাবলৈ আফটাবক ১৮ দিন সময়ৰ প্ৰয়োজন হৈছিল। আফটাবে শ্ৰদ্ধাক হত্যা কৰাৰ পাছত দোকানলৈ চুৰী কিনিবলৈ গৈছিল আৰু চুৰী খন কিমান চোকা সেয়া নিজৰ হাতত পৰীক্ষা কৰি চাইছিল। যাৰ বাবে আফটাব আঘাত প্ৰাপ্তও হৈছিল। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে শ্ৰদ্ধাক হত্যা কৰাৰ পাছতেই আফটাবে অন্য যুৱতীৰ লগত ডেটিং এপৰ জৰিয়তে সম্পৰ্ক কৰিছিল। আনকি শ্ৰদ্ধাৰ মৃতদেহ থোৱা ৰুমটোত অন্য যুৱতী আনি শাৰিৰীক সম্পৰ্কও স্থাপন কৰিছিল। গতিকে আৰক্ষীয়ে এয়াও তদন্ত কৰিবলৈ আৰম্ভ কৰিছে যে শ্ৰদ্ধাৰ বাহিৰে অন্য যুৱতীকো হত্যা কৰিছিল নেকি আফটাবে।
আৰক্ষীৰ মতে আফতাবে তদন্ত প্ৰক্ৰিয়াটো লেহেমীয়া কৰাৰ চেষ্টা কৰিছে। শ্ৰদ্ধাৰ মোবাইল আৰু হত্যাৰ বাবে ব্যৱহৃত অস্ত্ৰৰ বিষয়ে সঠিক তথ্য দিয়া নাই আফতাবে। কেতিয়াবা তেওঁ মহাৰাষ্ট্ৰত আৰু কেতিয়াবা দিল্লীত মোবাইল দলিয়াই দিয়াৰ কথা কয়। নাৰ্কো পৰীক্ষাৰ জৰিয়তে, আৰক্ষীয়ে সম্পূৰ্ণ সত্যটো জানিব বিচাৰে। আফতাবে আৰক্ষীক কৈছিল যে, ২২ মে’ত শ্ৰদ্ধাই কাজিয়াৰ পিছত ঘৰ এৰি গৈছিল আৰু যাঁওতে লগত কেৱল ফোনটো লৈ গৈছিল। অন্যহাতে কাপোৰ আৰু অন্য সামগ্ৰী সমূহ আফতাবৰ ঘৰতে আছিল। কিন্তু যেতিয়া আৰক্ষীয়ে আফতাব আৰু শ্ৰদ্ধাৰ ফোন কল নিৰীক্ষণ কৰিছিল তেতিয়া অন্য কিছু বেলেগধৰণৰ তথ্যহে উন্মোচিত হৈছে।
উল্লেখ্য যে, শ্ৰদ্ধাক ১৮ মেত হত্য়া কৰাৰ পাছত তেওঁৰ ছচিয়েল মিডিয়া একাউন্ট আফতাবে ব্যৱহাৰ কৰিছল যাতে শ্ৰদ্ধাৰ বন্ধু সকলে কোনোধৰণ সন্দেহ নকৰে।