বাংলাদেশী আল-কায়দা জেহাদী মহম্মদ সুমনৰ লগতে ৫ জেহাদীক বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত হাউলীৰ পৰা পুনৰ এগৰাকীক আটক কৰিছে আৰক্ষীয়ে৷
বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰা লোকজন হাউলী চহৰৰ হাজীপাৰা গাৱৰ মামিনুল ৰচিদ৷ মামিনুল ৰচিদ বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাঁৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষ ৷ ২০১৯ চনৰ পৰাই শিক্ষকতাৰ জৰিয়তে জেহাদৰ জাল পেলোৱাৰ কামত জড়িত আছিল বাংলাদেশী নাগৰিক মহম্মদ সুমন নামৰ আল-কায়দা জেহাদীজন।
আৰক্ষী সূত্ৰই জনোৱা মতে বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব নাই মামিনুল ৰচিদক৷ ইপিনে বিশ্ব ত্ৰাস জেহাদী সংগঠন আল-কায়দাই বৰপেটাত বাহৰ পাতি অসম তথা ভাৰতত জেহাদৰ জাল পেলোৱাৰ ঘটনাক লৈ ৰাজ্য জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
ইতিমধ্যে, অসম আৰক্ষীৰ বিশেষ শাখাৰ সহযোগত বৰপেটা আৰক্ষীয়ে মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ নামৰ বাংলাদেশী নাগৰিক তথা দূধৰ্ষ আল-কায়দা জেহাদীটো আৰক্ষীৰ জালত পৰাৰ পিচতেই পোহৰলৈ আহিছে জেহাদৰ ভয়াৱহ তথ্য।