টীয়কৰ কটাৰীখাম গড়ৰ বাসিন্দা তথা যোৰহাট দেৱীচৰণ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক লৈ অসমৰ সমাজিক মাধ্যমত ব্যাপক চৰ্চা চলি থকাৰ মাজতে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
ডিজিপি ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে, কবিতা লিখাৰ বাবে নহয় বৰ্ষাশ্ৰীয়ে আলফালৈ যোৱা আৰু আনকো আলফালৈ নিয়াৰ বাবে সাজু হোৱাৰ পৰিপ্ৰেক্ষিতত কাৰাবন্দী কৰা হৈছে।
তেওঁ সংবাদ মাধ্যমৰ আগত কয়- ”মই গম পোৱা মতে আলফালৈ যাবলৈ তেওঁৰ তৎ নোহোৱা হৈছিল ৷ আমি কবিতাৰ কাৰণে আটক কৰা নাই তেওঁক৷ এইবোৰ মিছা কথা৷ কবিতা লিখক, কবিতা লিখাত আমাৰ একো আপত্তি নাই৷ কিন্তু মই আলফালৈ যাব লাগে, লোককো আলফালৈ নিব লাগে সেইবুলি লিখি থৈছে৷ সেইবোৰ কৰিলেহে বিপদ৷ তেওঁতো যায়েই, লোককো লৈ যায় বোলে লগত, সেইকাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে৷ গতিকে আইজনী আলফালৈ যাব নালাগে, জেইলতে থাক৷ সেইটোহে ভাল কৰিছোঁ৷ কবিতা লিখাৰ কাৰণে ধৰা নাই নহয়৷ কবিতা লিখক। কবিতা ময়ো লিখো৷”
Reference arrest of Smt Barshashree Buragohain – Uriamghat PS Case No 20/2022 has been registered on 18.05.2022 and investigated.
There’s a specific call to indulge in Waging war against the State in her Facebook post – “আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ”
— GP Singh (@gpsinghips) July 13, 2022
আনহাতে জি পি সিঙে বুধবাৰে লিখা ফেচবুক পোষ্টত উল্লেখ কৰে- ”তেওঁৰ ফেচবুক পোষ্টত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ এটা নিৰ্দিষ্ট আহ্বান আছে – “আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ“
যেতিয়া কোনোবাই ৰাজহুৱাভাৱে নিষিদ্ধ সংগঠন এটাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে আৰু ভাৰতীয় ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ কৰাৰ অভিপ্ৰায় ঘোষণা কৰে, আমি আইনীভাৱে সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ চলাবলৈ বাধ্য। যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি, উপযুক্ত ৰূপে আইন আদালতত অভিযোগপত্ৰ দাখিল কৰা হ’ব। আইনক নিজৰ পথ ল’বলৈ দিয়ক।”