জোনমণি ৰাভা কাণ্ডৰে নাম সাঙোৰ খাই পৰা নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক জিলাখনৰ আৰক্ষী অধীক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি দি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা নৱনীত মহন্তক নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
আনহাতে আই জি পি (স্প’ৰ্টছ) হিচাপে দায়িত্বত থকা বহু চৰ্চিত আই পি এছ বিষয়া আনন্দ মিশ্ৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা বেদান্ত মাধৱ ৰাজখোৱাক আই জি পি (স্প’ৰ্টছ) হিচাপে বদলি কৰা হৈছে।
উল্লেখ্য যে, জোনমণি ৰাভা কাণ্ডৰ পাছতে নগাওঁ আৰু লখিমপুৰ আৰক্ষীৰ ভিতৰচৰাৰ বহু ক’লা অধ্যায় পোহৰলৈ আহিছিল। এনে পৰিপ্ৰেক্ষিতত এই ৰদবদল যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।