APSC কেলেংকাৰীক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত APSC কেলেংকাৰীক লৈ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০১৩ বৰ্ষত ৰাকেশ পাল নেতৃত্বাধীন APSCয়ে ৰাজ্য চৰকাৰৰ বাবে ৰাজপত্ৰিত বিষয়া বাছনিত সংঘটিত কৰা দুৰ্নীতি, কেলেংকাৰীৰ যিবোৰ তথ্য বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদনত প্ৰকাশ কৰিছে, সেই তথ্যৰ আধাৰত মুখ্যমন্ত্ৰীয়ে আৰক্ষীক তদন্ত কৰাৰ নিৰ্দেশ দিছে।
এই নিৰ্দেশৰ সৈতেই ২০১৩ বৰ্ষত ৰাকেশ পালে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত জালিয়াতিৰে ৰাজপত্ৰিত বিষয়া হিচাপে বাছনিভুক্ত হৈ বৰ্তমানো ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ প্ৰশাসনিক পদত কৰ্মৰত অৱস্থাত আছে, সেই ৩৭ গৰাকী বিষয়া আৰক্ষীৰ তদন্তৰ আওতালৈ অহাটো নিশ্চিত হৈ পৰিছে। ৰাজ্য চৰকাৰে আৰক্ষীক APSC কেলেংকাৰী সন্দৰ্ভত সৰ্বমুঠ ৮ টা গোচৰৰ ফাইল খুলিবলৈ নিৰ্দেশ দিছে। ইয়াৰে দুটা গোচৰ ৰুজু কৰা হেছিল ডিব্ৰুগড় থানা আৰু ভঙাগড় আৰক্ষী থানাত।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ এই নিৰ্দেশত চামিল হৈ আছে এই ৩৭ গৰাকী বিষয়াৰ ভৱিষ্যত। কিয়নো বিপ্লৱ শৰ্মাৰ আয়োগে চৰকাৰক যি ৭০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে তাতে উল্লেখ আছে এই ৩৭ গৰাকী বিষয়াই জালিয়াতি কৰাৰ সম্পূৰ্ণ তথ্য-প্ৰমাণ।