অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলংকাৰী সন্দৰ্ভত পুনৰ দুগৰাকীলৈ জাননী জাৰি কৰা হৈছে। ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগে তদন্ত অব্যাহত এই কেলেংকাৰীৰ সন্দৰ্ভত ইতিমধ্যে এগৰাকীক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ, আয়োগে প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মা আৰু অসম লোক সেৱা আয়োগৰ সদস্য বসন্ত দলেলৈ জাননী প্ৰেৰণ কৰিছে। বিভা শৰ্মাৰ পুত্ৰ অভিষেক বৰবৰাই ২০১৩ বৰ্ষত অসম লোক সেৱা আয়োগৰ ফালৰ পৰা নিযুক্তি লাভ কৰিছিল। উল্লেখ্য যে ২০১৪ বৰ্ষৰ APSC ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল বিভা শৰ্মা।
এই সন্দৰ্ভত অভিষেক বৰবৰা আৰু বসন্ত দলেক ক পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কেইদিনমানৰ পূৰ্বে বিপ্লৱ শৰ্মা আয়োগে নন্দ বাবু সিঙলৈও জাননী প্ৰেৰণ কৰিছিল। কাৰন নন্দ সিঙ বাবুৰ জীয়ৰীয়ে ২০১৪ বৰ্ষত লাভ কৰিছিল APSCৰ চাকৰি আৰু পৰীক্ষা দিয়াৰ বাবে দায়িত্ব দিয়া হৈছিল বিভা শৰ্মাক।