শুকুৰবাৰে কামাখ্যা মন্দিৰৰ পাৰ্কিঙত সৃষ্টি হয় মাৰপিট। দেৱালয়ৰ পাৰ্কিং কৰ্মচাৰী আৰু বীৰ লাচিত সেনাৰ সদস্যৰ মাজত সৃষ্টি হয় হতাহতি। পাৰ্কিঙক লৈ সূত্ৰপাত হৈছিল সংঘাতৰ।
এই ঘটনাৰ পিছতেই কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ে বীৰ লাচিত সেনাৰ সংগঠনটোৰ নেতা কেইজনৰ ওপৰত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে আটক কৰে ৬ জন সদস্যক।আৰক্ষীয়ে আটক কৰে সংগঠনটোৰ মুখ্য সচিব বিকাশ অসম, উপ-সভাপতি তপন শৰ্মা সহ সংগঠনটোৰ সদস্য মতিউৰ ৰহমান, ৰবি দিহিঙ্গীয়া, মনোজ ডেকা আৰু বিক্ৰান্ত কলিতা।