এক ভয়ংকৰ দুৰ্ঘটনাই ৭ জনকৈ সেনা জোৱানৰ প্ৰাণ কাঢ়িলে আৰু বহুজন বৰ্তমান শ্ৰীনগৰৰ হাস্পতালৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি আছে। জন্মু-কাশ্মীৰৰ পেহলগামত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
তথ্য অনুসৰি ITBPৰ এখন বাহনে ৩৭ গৰাকীকৈ জোৱান আৰু ২ জন আৰক্ষীৰ লোক কঢ়িয়াই নিয়াৰ সময়তে নদীত বাগৰি পৰে। ফলত থিতাতে ৭ জননৈ জোৱানৰ মৃত্যু হোৱাৰ লগতে বহু জোৱান আহত হৈছে। আহতসকলৰ মাজত কেইবাজনৰো অৱস্থা সংকটজনক। বাছখনৰ ব্ৰেক ফেইল হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা এই বাছখন চন্দনৱাগৰ পৰা পহেলগামলৈ গৈ আছিল। উল্লেখ্য যে, এই আটাইকেইজন জোৱানেই অমৰনাথ যাত্ৰাৰ সুৰক্ষাৰ কামত নিয়োজিত হৈ আছিল।