মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে কামৰূপ CJM আদালতত ৰুজু কৰিছে মানহানিৰ গোচৰ। বৃহস্পতিবাৰে কামৰূপ CJM আদালতত মনীষ চিছোদিয়াৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰিলে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে, অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাইও দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ ৰুজু কৰিছিল।
উল্লেখ্য যে, ৪ জুনত এক সংবাদমেলত দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰিছিল। তেওঁ কোভিড মহামাৰীৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ব্যৱসায়িক অংশীদাৰসকলৰ কোম্পানীক পিপিই কিট যোগান ধৰাৰ নামত অনিয়ম সংঘটিত কৰিছিল বুলি মুকলি অভিযোগ উত্থাপন কৰিছিল।
মনীষ চিছোদিয়াৰ এই অভিযোগৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মনীষ চিছোদিয়াক সতৰ্কবাণী দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছিল। সেই অনুসৰিয়েই মনীষ চিছোদিয়াৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।