ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ ফুটবলাৰ এলেন দেউৰী সম্প্ৰতি আঘাতপ্ৰাপ্ত। সেয়ে কোনো ডাঙৰ ক্লাৱৰ হৈ খেলিব পৰা নাই আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে। দেশৰ দুৰ্দান্ত ফৰৱাৰ্ডগৰাকীক বুধবাৰে সন্ধিয়া অসম অলিম্পিক সন্থাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অসম য়ুথ অলিম্পিকৰ সামৰণী সমাৰোহত সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশিক্ষনৰ বাবে এক লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এলেন দেউৰীক চেকখন যুটীয়াভাৱে প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
Happy to have joined the closing ceremony of Assam Youth Olympics, which has been a potential platform for athletes across 35 dists to showcase their sporting acumen, groom themselves and perform at national & international level. Congratulations to medal holders & participants💐 pic.twitter.com/pz7awNIxZI
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 27, 2022
এলেন দেউৰীয়ে অনুষ্ঠানৰ পিছত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি চৰকাৰী কৰ্মসংস্থানৰ বাবে অনুৰোধ জনায় আৰু মুখ্যমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰগৰাকীক কৰ্মসংস্থাপনৰ আশ্বাস প্ৰদান কৰে। তিৱা সম্প্ৰদায়ৰ ফুটবলাৰ এলেন দেউৰীয়ে ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ৰ আগশাৰীৰ ক্লাব নৰ্থ ইষ্ট ইউনাইটেড আৰু মুম্বাই চিটিৰ হৈয়ো খেলিছিল।