শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী। ১২ জানুৱাৰীত আৰক্ষীয়ে অভিযান চলাই বোকাজানৰ খটখটিত থকা বাবা হাজৰিকাৰ ঘৰৰ পৰা জব্দ কৰিছিল বহু পৰিমাণৰ ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ অংগ।
উল্লেখ্য যে, ড্ৰাগছৰ অবৈধ ব্যৱসায় কৰি বাবা হাজৰিকাই বোকাজানৰ খটখটিত গঢ়ি তুলিছিল বিশাল সম্পত্তি। তেওঁ দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰিছিল।
বোকাজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ অংগ জব্দ কৰাৰ পাছতেই কলিকতাৰ SAFEM(FOP)A, NDPSA আইনৰ অধীনত বাবা হাজৰিকাৰ সম্পূৰ্ণ সম্পত্তি জব্দ কৰে।
পৰৱৰ্তী সময়ত এই সম্পত্তি নিলাম হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে টুইট যোগে এই কথা সদৰি কৰি কাৰ্বি আংলং আৰক্ষীক প্ৰশংসা কৰিছে আৰক্ষী প্ৰধান ভাস্কৰজ্যোতি মহন্তই।