বৰ্ষাশ্ৰীক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। সঞ্চালকপ্ৰধান গৰাকীয়ে কয়, ‘‘বৰ্ষাশ্ৰীয়ে কবিতা লিখাৰ বাবে জে’ললৈ যোৱা নাছিল, তাই এটা টেগ লাইন লিখিছিল “স্বাধীন অসম” বুলি৷
বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আহিবলৈ অসম আৰক্ষীয়ে সহায় কৰিব বুলি মন্তব্য দি তেওঁ কয য়ে, ইতিমধ্যে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে অসম আৰক্ষীয়া।
আনহাতে, WhatsAppৰ জৰিয়তে প্ৰৱঞ্চনা কৰা ঘটনা সন্দৰ্ভত ভাস্কৰজ্যোতি মহন্তই কয়, ‘‘Whatsappত কাৰোবাৰ ফটো ব্যৱহাৰ কৰি কোনোবাই ধন দাবী কৰাটো প্ৰৱঞ্চকৰ কাম, চোৰৰ কাম, সেয়া চাইবাৰ অপৰাধ নহয়৷ এই প্ৰৱঞ্চকবোৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কাম কৰি আছে আৰু ইতমধ্যে কেইবাজনো এনে প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে৷’