অলপতে ডেৰগাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হোৱা এছ.পি সন্মিলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে এই সন্মিলনখনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে। ৰাইজৰ সেৱাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা পৰামৰ্শক শলাগিলে ভাস্কৰজ্যোতি মহন্তই।
অপৰাধ নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে আপ্ৰাণ চেষ্টা কৰিব আৰু অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অসম আৰক্ষীক বিভিন্ন ধৰণে সজাই পৰাই তোলা হ’ব। এই ক্ষেত্ৰত অসম আৰক্ষীয়ে চেষ্টাৰ ক্ৰতি নকৰে আৰু আৰক্ষী প্ৰধান সকল প্ৰতিজ্ঞাবদ্ধ হ’ব বুলিও মন্তব্য প্ৰকাশ ডি জি পি গৰাকীৰ।
আৰক্ষী থানাত এজন ব্যক্তিয়ে বা কোনো সাধাৰণ নাগৰিকে থানাৰ ভিতৰত সোমাবলৈ ভয় বা সংকোচ নকৰি নিজৰ মানুহ বুলি জ্ঞান কৰিব লাগে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে এছ.পি. সন্মিলনত মন্তব্য কৰিছিল আৰু এই ক্ষেত্ৰত অসম পুলিচে সম্পূৰ্ণ চেষ্টা কৰি যাব বুলিও মন্তব্য কৰে মহন্তই।