ৰাজ্যত ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে অপকৰ্মই তোলপাৰ লগোৱা সময়তে পুনৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি হ’ল এগৰাকী মহিলা। দক্ষিণ শালমাৰা মানকাচৰ জিলা খোপাতীয়া গাঁৱৰ ব্ৰাইড একাডেমী নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ সহায়িকা জাহানাৰা খাতুনে নিৰ্যাতনৰ বলি হৈ চিপ লৈ আত্মহত্যা কৰে।
জানিব পৰা মতে, বহু দিন ধৰি ব্ৰাইড একাডেমী নামৰ এখন ব্যক্তিগত বিদ্যালয় খনৰ প্ৰধান শিক্ষক মইদুল ইছলামে অবৈধ কাৰ্য-কলাপৰ বাবে মহিলাগৰাকীক প্ৰস্তাৱ দি আহিছিল। কিন্তু, মহিলাগৰাকীয়ে এই প্ৰস্তাৱত মান্তি হোৱা নাছিল। অৱশেষত, মঙলবাৰে নিশা বলপূৰ্বকভাৱে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰে শিক্ষক মইদুল ইছলামে।
উল্লেখ্য যে, মহিলাগৰাকীৰ পৰিয়ালৰ লোকে লম্পট প্ৰধান শিক্ষকজনক বান্ধি থয় যদিও শিক্ষকজনৰ পৰিয়ালৰ লোকে নিশা প্ৰায় ৩ মান বজাত ভাৰাতীয়া গুণ্ডা বাহিনীৰ সৈতে হাতত দা, কুঠাৰ, ডেগাৰ লৈ মহিলা ঘৰত প্ৰৱেশ কৰি অভিযুক্ত মইদুল ইছলামক লৈ যায়।
ইয়াৰ পাছতেই, শিক্ষকৰ কামনাৰ বলি হোৱা মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাচি লয়।
মহিলাগৰাকীৰ পৰিয়ালে সুখচৰ থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী কৰে। ইতিমধ্যে, আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী জিলা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে৷