ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিন পিছত জীৱন্তে উদ্ধাৰ হ’ল অসমৰ এজন যুৱক। দুৰ্ঘটনাস্থলীৰ পৰা কিছু দূৰৈত পৰি আছিল যুৱকজন। দেওবাৰে পুৱা উদ্ধাৰ কৰা যুৱকজন দুলাল মজুমদাৰ আৰু তেওঁৰ ঘৰ উত্তৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ অচেতন অৱস্থাত পৰি আছিল যুৱকজন। দেওবাৰে পুৱা উদ্ধাৰ কৰা হয় দুলাল মজুমদাৰক।
যুৱকজনক ছ’ৰ’ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পিছত বালাছোৰৰ জিলা মুখ্য কাৰ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।