গুৱাহাটীৰ চান্দমাৰী থানাৰ অন্তৰ্গত কমাৰ্চ পইন্টত নিশা সংঘটিত অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক এদল দুৰ্বৃত্তই নিশা আক্ৰমন কৰে। দুৰ্বৃত্তৰ দলৰ আক্ৰমণত তেওঁ মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন স্থানত আঘাত পাইছে।
আৰক্ষীয়ে খেদি গৈ দুৰ্বৃত্তৰ দলটোৰ দুজনক গ্ৰেপ্তাৰ কৰে। ঘটনাটো কালি মাজনিশা প্ৰায় ১ বজাৰ। কালি নিশা আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছিল যদিও আজি পুৱাৰ পৰা অ’চিয়ে সাংবাদিক নিৰ্যাতন কাৰীৰ পক্ষ লোৱাৰ অভিযোগ উঠিছে।