ৰাজ্যত অব্যাহত আছে কয়লাৰ চোৰাং ব্যৱসায়। প্ৰায় ১ হাজাৰ কোটি টকীয়া কয়লাৰ এই চোৰাং ব্যৱসায়ৰ অন্যতম খলনায়ক আব্দুল আহাদ চৌধুৰীৰ ৰবিবাৰে নিশা আৰক্ষীৰ গুলীত মৃত্যু হোৱাৰ পিছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। অসমৰ উপৰিও মেঘালয়ৰ বহু বৰমূৰীয়া বিষয়াৰ সৈতে সুসম্পৰ্ক থকা আব্দুল আহাদে GSTকে ধৰি কৰ ফাকি দি তেওঁলোকৰ পৃষ্ঠপোষকতাতে ২০১৮ চনৰ পৰা কয়লাৰ চোৰাং ব্যৱসায় চলাই গৈছিল।
২০১৮ ত আব্দুল আহাদক কয়লাৰ চোৰাং ব্যৱসায়ৰে জড়িত থকাৰ বাবে মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।সেই তেতিয়াই আহাদৰ পৰা উদ্ধাৰ কৰা এখন ডায়েৰীয়ে বিশেষ চৰ্চা লাভ কৰিছিল। সেই ডায়েৰীখনত আৰক্ষী বিষয়া, ৰাজনৈতিক নেতা আৰু সংবাদ মাধ্যমৰ বিভিন্নলোকক মাহেকীয়া কিস্তিত কিমান ধন আদায় দিয়ে সেই কথা আহাদে লিখি থৈছিল।
কেইদিনমানৰ পূৰ্বে হাইলাকান্দি জিলাৰ অন্তৰ্গত লালাথানাৰ আৰক্ষীয়ে অবৈধ কয়লা ভৰ্তি এখন ট্ৰাক জব্দ কৰে। সেই ট্ৰাকৰ সৈতে মনোজ ৰয় আৰু নিৰূপম ৰয় নামৰ দুজন ব্যক্তিক আটক কৰিছিল। তেওঁলোকে দিয়া স্বীকাৰুক্তিত উক্ত ট্ৰাকখন আব্দুল আহাদৰ বুলি জনোৱাত আৰক্ষীয়ে লালাথানাত ১১০/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰে।
দেওবাৰে নিশা এখন বাইকেৰে আহাদ চৌধুৰী পলাই গৈছিল। লক্ষীনগৰ তালাচী চকীৰ সমিপত আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰে যদিও আৰক্ষীলৈ গুলী কৰি কয়লা মাফিয়া আহাদে পলায়নৰ চেষ্টা কৰে। তেতিয়াই আহাদ চৌধুৰীৰ সৈতে আৰক্ষীৰ গুলীয়া-গুলী হোৱাত আৰক্ষীৰ গুলীত আহত কয়লা মাফিয়াগৰাকী। গুৰুতৰ ভাৱে আহত কয়লা মাফিয়া আহাদক হাইলাকান্দি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।