অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত আকৌ লাগিল কালিমা। বিশ্ববিদ্যালয়খনৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। বিশ্ববিদ্যালয়খনৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস আৰু ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, কটন বিশ্ববিদ্যালয় শ্বহীদ মোজাম্মিল হকৰ ছাত্ৰাৱাসৰ আৱাসীক আৰ কে বি হোষ্টেলৰ ছাত্ৰই মাৰপিট কৰাৰ লগতে হোষ্টেলখনৰ যথেষ্ট ক্ষতি কৰে। হোষ্টেলটোৰ কোঠাৰ দুৱাৰ-খিৰিকীৰ গ্লাছ ভঙাৰ লগতে যথেষ্ট ক্ষতি কৰাৰ অভিযোগ উঠিছে৷ মাৰপিটৰ ঘটনাত কেইবাগৰাকীও ছাত্ৰ গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত বিগত কেইমাহমানৰ পৰা প্ৰায়ে মাৰপিটৰ ঘটনা সংঘটিত হোৱা দেখা যায়। বিশ্ববিদ্যলয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সময়তো এইদৰে মাৰপিটৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰিছিল। ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ এনে উশৃংখলতাই সচেতনমহলক চিন্তিত কৰি তুলিছে।