গাহৰি ফাৰ্মে গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰাৰ বাবেই মঙলদৈ পকাবাঙিপাৰাত গুৰুলা গুৰুলকৈ মাৰধৰ কৰা হয় এজন যুৱকক।
পুনিয়াৰ পকাবাঙিপাৰা একে গাঁৱৰে পিংকু ডেকা, হিৰক ডেকা আৰু পাপু ডেকা নামৰ ভায়েক ককায়েকে লগ হৈ ৰত্নেশ্বৰ চহৰীয়া নামৰ এজন ব্যক্তিক বুধবাৰে ৰাতি ঘৰলৈ গৈ থকা অৱস্থাত মুৰ হাত পিঠিত বেয়াকৈ আঘাত কৰে বুলি অভিযোগ দিয়ে ৰত্নেশ্বৰ চহৰীয়াৰ পৰিয়ালে। ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।