ত্ৰিপুৰাৰ চিপাহিঝলা জিলাত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হোৱা সংঘৰ্ষ সন্দৰ্ভত বৃহস্পতিবাৰে চাৰিজনকৈ কংগ্ৰেছ সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, নিৰাপত্তাকৰ্মীক আক্ৰমণ কৰাৰ বাবে এঁওলাকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। এই সংঘৰ্ষত তিনিজন কংগ্ৰেছ কৰ্মীও আহত হৈছে বুলি জানিব পৰা গৈছে।
বুধবাৰে সন্ধিয়া চিপাহিঝালা জিলাৰ ৰৌতখোলাত দলীয় পতাকা লগোৱাৰ সময়ত বিজেপি সমৰ্থকসকলে কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপন কৰা হৈছিল।