বিজেপি নেতা সোণালী ফোগাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল বুলি চিকিৎসকে জনাইছিল যদিও বৰ্তমান সময়ত আন কিছু ৰহস্য পোহৰলৈ আহিছে। নেতা গৰাকীৰ ব্যক্তিগত সহায়ক (PA) সুধীৰ চাংগবানৰ ওপৰত উঠিছে সন্দেহৰ আঙুলি।
সোণলী ফোগাটৰ ভাতৃয়ে গোৱা আৰক্ষীক জনাইছে যে, সোনালীৰ মৃত্যু হৃদৰোগত আক্ৰান্ত হৈ নহয়,তেওঁক হত্যা কৰা হৈছে। সোনালীৰ সৈতে যোৱা ব্যক্তিগত সহায়ক সুধীৰ চাংগবান আৰু সুখবীন্দৰ সাংগবানে সোণালীৰ সৈতে দুষ্কৰ্ম কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাতৃয়ে।
সোণালীৰ সৈতে শেষবাৰ কথা পাতোতে তেওঁ জনাইছিল যে তেওঁৰ খাদ্যত কিবা মিহলি কৰি দিয়া যেন অনুভৱ হৈছে আৰু অসুস্থ অনুভৱ কৰিছে, এই কথা সোণালীৰ ভাতৃয়ে উল্লেখ কৰিছে।
তদুপিৰ তেওঁৰ ভনীয়েকে কৈছিল যে তিনি বছৰ আগতে সুধীৰ চাংবানে খাদ্যত ড্ৰাগছ মিহলি কৰি ধৰ্ষণ কৰিছিল আৰু এটা ভিডিঅ’ কৰি সেই ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছিল। তদুপৰি PA সুধীৰ চাংৱানে সোণালীৰ চলচ্চিত্ৰ আৰু ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰি দিয়াৰ ভাবুকি দি মানসিক নিৰ্যাতন চলাইছিল। ইয়াৰ উপৰিও সুধীৰ চাংবানে সোণালীৰ ফোন, সম্পত্তিৰ কাগজপত্ৰ, এটিএম আৰু ঘৰৰ চাবি নিজৰ ওচৰত ৰাখিছিল।