জুৰীয়াৰ সুতিৰপাৰত আজি সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত আহত হয় কেইবাগৰাকীও বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰী৷ টুলুঙা নাৱত বহন ক্ষমতাতকৈ অধিক ছাত্ৰ–ছাত্ৰীক লৈ ব্ৰহ্মপুত্ৰৰ এটি সুতি পাৰ হওঁতেই সুতিৰ মাজত নাওখন হঠাৎ পানীত ডুব যাবলৈ ধৰে।
অৱশ্যে ওচৰৰ ৰাইজে সকলোকে সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাৰ ফলত কেইবাগৰাকীও ছাত্ৰী অসুস্থ হয়৷ নাৱৰ মালিকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে ঘটনাস্থলীত সুতিৰপাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷