আয়েশা খাটুন নামৰ এগৰাকী ২১ বছৰীয়া মহিলাৰ মৃতদেহ GMCHৰ পুৰণি বিল্ডিঙৰ দ্বিতীয় মহলাত উদ্ধাৰ হৈছে। জানিব পৰা মতে, মহিলাগৰাকীৰ তিনি বছৰীয়া সন্তান ভৰ্তি হৈ আছিল হাস্পাতালত৷
দ্বিতীয় স্বামী হাদি আলিয়ে হত্যা কৰাৰ সন্দেহ কৰিছে আয়েশাৰ মাতৃয়ে। কাৰণ নিশা হাস্পাতালতে স্বামীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মহিলাগৰাকী৷ দুয়োৰে কাজিয়াৰ সময়ত আয়েশাৰ মাকো উপস্থিত আছিল। পূৰ্বৰ স্বামীৰ লগত সন্দেহ কৰি মহিলাগৰাকীৰ লগত প্ৰায়ে কাজিয়াত লিপ্ত হয় বৰ্তমানৰ স্বামী হাদি আলিৰ। আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে।