মহানগৰীৰ উপকণ্ঠ পানীখাইতীৰ আমগাঁৱত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। উলংগ অৱস্থাত আছিল যুৱতীগৰাকীৰ মৃতদেহটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰি মৃতদেহটো ঘাইপথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ।
আন ঠাইত হত্যা কৰি যুৱতীগৰাকীৰ মৃতদেহ আমগাঁওৰ ঘাই পথৰ দাঁতিত পেলাই থৈ যোৱা সন্দেহ। এতিয়ালৈকে যুৱতী গৰাকীৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।