নগাওঁ পেপাৰ মিলৰ এগৰাকী কৰ্মচাৰী ছাৰিফুদ্দিন আহমেদে আজি মৃত্যুক সাৱটি লয়। ইয়াৰ লগে লগে নগাওঁ পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যাই ১০২ জনৰ ঘৰ স্পৰ্শ কৰিলে। ৫৭ বছৰীয়া ছাৰিফুদ্দিন আহমেদৰ মৃতদেহ ৰহস্যজনকভাৱে পথৰ কাষত উদ্ধাৰ কৰা হৈছে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ছাৰিফুদ্দিনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছিল।
উল্লেখ্য যে কাগজ কলটোৰ উৎপাদন বন্ধ হোৱাৰে পৰা কৰ্মচাৰীসকলে প্ৰাপ্য দৰমহা লাভ নকৰাত যথেষ্ট কষ্ট, চাপ, মানসিক আঘাতৰ সৈতে দিন পাৰ কৰিবলগীয়া হৈছে। তেওঁলোকে ৬৩ টা মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে। ইফালে কাগজ কলটো নিলামৰ জৰিয়তে বিক্ৰী কৰাৰ বাবে প্ৰেচেষ্টা চলাইও বাৰে বাৰে বিফল হোৱাৰ পিছত অসম চৰকাৰে কাগজকলটো ক্ৰয় কৰিছে।
অসম চৰকাৰে ইতিমধ্যে কৰ্মচাৰীসকলৰ বাবে সাহায্যৰ পেকেজ ঘোষণা কৰিছিল যদিও বৰ্তমানেও তেওঁলোকে সেই সাহায্য লাভ কৰা নাই। এনে পৰিস্থিতিত কাগজকলটোৰ কৰ্মচাৰীসকলৰ জীৱন নিৰ্বাহ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। প্ৰাপ্য দৰমহা নোপোৱাৰ বাবেই বহু কেইজন শ্ৰমিকে ইতিমধ্যে আত্মহত্যা কৰাৰ লগতে বহু শ্ৰমিকে ,দৰমহাৰ মুখ নেদেখাকৈয়ে মৃত্যুক আকোৱালি লৈছে।