গুৱাহাটী মহানগৰীৰ লাষ্টগেটত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। যুৱতীগৰাকীৰ মৃতদেহটো গুৱাহাটীৰ বিষ্ণুপুৰৰ পম্পী ঘোষৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। নীল মাধৱ শইকীয়া নামৰ এগৰাকী জ্যোতিষীৰ ঘৰত উদ্ধাৰ কৰা হয় পম্পী ঘোষৰ মৃতদেহ।
প্ৰাথমিক তথ্য অনুসৰি জ্যোতিষী নীল মাধৱৰ লগত পম্পীৰ প্ৰেমৰ সম্পৰ্ক আছিল। নীল মাধৱে পম্পীক হত্যা কৰাৰ অভিযোগ তুলিছে যুৱতীগৰাকীৰ পৰিয়ালে। নীল মাধৱে সেই কথা অস্বীকাৰ কৰি কয় যে, পম্পীয়ে চিপ লৈ আত্মহত্যা কৰিছে। জ্যোতিষী নীল মাধৱৰ সৈতে বিগত ৩ বছৰ ধৰি কৰ্মৰত হৈ আছিল পম্পী। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে নীল মাধৱক। উল্লেখ্য যে, মৃত্যু হোৱা পম্পীৰ মৃতদেহ নিজেই থানালৈ লৈ গৈছিল নীল মাধৱ নামৰ জ্যোতিষীগৰাকীয়ে।