দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে বলাৎকাৰৰ ঘটনা। ইয়াৰ মাজতে এগৰাকী ৮ বছৰীয়া শিশু কামনাৰ বলি হোৱা ঘটনা পোহৰলৈ আহিছে। এই ঘটনা বিহাৰৰ বাংকা জিলাত সংঘটিত হৈছে। শিশুটিৰ পৰিয়ালৰ ভাষ্য অনুসৰি হোলীৰ দিনা দিনৰ প্ৰায় ২ মান বজাত শিশুটি বন্ধু-বান্ধৱীৰ লগত হোলী খেলি আছিল। কিন্তু তাৰ পাছতেই শিশুটি নিৰুদ্দেশ হয়। বহু সময় ধৰি শিশুটিৰ কোনো তথ্য লাভ নকৰাত আৰক্ষীক খবৰ দিয়া হয় আৰু তাৰপাছতেই নিশা এটা নলাৰ ওচৰৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। শিশুটিক দলবদ্ধ বলাৎকাৰ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি গ’ম পাই যে শিশুটিত এটা অটো ৰিক্সা চালক সাগৰ ছোনীয়ে অপহৰণ কৰিছিল। বৰ্তমান পলাতক আছে সাগৰ। আৰক্ষীয়ে জনোৱা অনুসৰি শিশুটিৰ দেহত কোনো কাপোৰ নাছিল আৰু শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ ওলাই আছিল। শিশুটিৰ এটা চকুও নষ্ট কৰি দিয়া হৈছিল। ঘটনা সন্দৰ্ভত ৰিক্সা চালক ডোমন পাছৱানস অজয় বৰ্ণৱাল, শ্ৰীধৰ বৰ্ণৱালক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।লগতে অভিযুক্ত সাগৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।