ৰাজ্যৰ চৌদিশে অপৰাধীৰ দপদপনি বৃদ্ধি পোৱা দেখা গৈছে। চৰকাৰৰ অপৰাধমুক্ত অসম গঢ়াৰ শ্লোগানক অসাৰ প্ৰতিপন্ন কৰি অপৰাধ সম্পন্ন কৰিয়েই আছে অপৰাধীয়ে।
নগাঁও চহৰৰ মাজমজিয়াত ব্যৱসায়ীৰ ঘৰত পুনৰ পুৱতিনিশাই ডকাইতৰ দলে চলালে সন্ত্ৰাস। উত্তৰ হয়বৰগাঁৱৰ মনোজ ব’থ্ৰা নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত ৮জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰে। ব’থ্ৰাৰ ঘৰত ডকাইতৰ দলটোৱে লুটপাট চলাই আৰু প্ৰায় ৫ লক্ষাধিক টকাৰ সোণৰ গহণাৰ লগতে নগদ ২ লাখ টকাও লুটি নিয়ে।
জানিব পৰা মতে, ডকাইতৰ দলটোৱে ব্যৱসায়ীজনক ৰছীৰে বান্ধি মাৰপিট কৰাৰ লগতে তেওঁৰ পত্নীকো ৰডেৰে প্ৰহাৰ কৰে। প্ৰায় ১ ঘণ্টা ধৰি অত্যাচাৰ চলোৱাৰ পিছত ডকাইতৰ দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি ডকাইতৰ দলটো এখন ই-ৰিক্সাত আহিছিল।
আনহাতে, নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই এই ঘটনাৰ পিচতেই ঘটনাস্থলী পৰিদৰ্শন কৰি শীঘ্ৰেই অপৰাধীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।