ডিব্ৰুগড়ত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা । ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে সন্ধিয়া সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । শোনিত তাঁতী নামৰ এজন ৩৫ বছৰীয়া লোকে হত্যা কৰে ৪ বছৰীয়া এটি কনমানি শিশুক ৷ নিহত শিশুটি জোনাকী মুড়া আৰু ৰাণা মুড়াৰ সন্তান উজ্জ্বল মোড়া বুলি জানিব পৰা গৈছে৷
ঘটনা অনুসৰি,শনিবাৰে নিজ ঘৰৰ চোতালত সমনীয়াৰ সৈতে খেলি আছিল ৪ বছৰীয়া উজ্জ্বল মোড়া নামৰ শিশুটি ৷ খেলি থকা অৱস্থাতে হঠাৎ শিশুটিৰ ডিঙি কাটি হত্যা কৰে শোনিত তাঁতীয়ে ৷ তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, অভিযুক্ত শোনিত তাঁতী মানসিকভাৱে বিকাৰগ্ৰস্ত ৷
পৰৱৰ্তী সময়ত,অঞ্চলটোৰ ৰাইজে পথাৰৰ মাজতে অভিযুক্তজনক খেৰেৰে জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীৰ মৃতদেহ ৷ সেই অঞ্চলটোত সাংবাদিকৰো প্ৰৱেশ নিষিদ্ধ কৰে ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ লগতে ৰহমৰীয়া আৰক্ষী ৷ শনিবাৰে নিশাই আৰক্ষীয়ে দুয়োটা মৃতদেহ ৰহমৰীয়া থানালৈ লৈ যায় ।জানিব পৰা মতে, আৰক্ষীয়ে ইতিমধ্য আৰক্ষীৰে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অঞ্চলটোত বিৰাজ কৰিছে ভয়ংকৰ চাঞ্চল্যৰ ৷