শ্বাহৰুখ খানৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ। পাঠান চিনেমাখনে ভাৰতীয় সংবিধানৰ ৫১ (এ) অনুচ্ছেদ ভংগ কৰাৰ অভিযোগত কুটুম্ব সুৰক্ষা পৰিষদৰ হৈ এই গোচৰ তৰিছে সভাপতি সত্যৰঞ্জন বৰাই। ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ দাবী জনাই সত্যৰঞ্জন বৰাই ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
ছবিখনৰ প্ৰযোজকৰ বিৰুদ্ধে গোচৰ তৰাৰ লগতে ছবিখনৰ নিৰ্দেশক, বেচৰম ৰং শীৰ্ষক গীতটোৰ গীতিকাৰ, কৰিয়’গ্ৰাফাৰ আৰু অভিনেতা শ্বাহৰুখ খানৰ বিৰুদ্ধেও গোচৰ তৰিছে বৰাই। গীতানগৰ থানাই (জি বি জি নম্বৰ : ২৬২৯, তাং ২৩,০১,২০২৩) এই এজাহাৰ গ্ৰহণ কৰিছে।