বিগত সময়চোৱাত অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ সমান্তৰালভাৱে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় গো মাফিয়া সকলৰ বিৰুদ্ধেও অভিযান চলাই আহিছে। কিন্তু ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত যিমান সফলতা আৰক্ষীয়ে লাভ কৰিছে তাৰ তুলনা গো মাফিয়া সকলৰ বিৰুদ্ধে চলোৱা অভিযানত সিমান সফলতা লাভ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। আনটো বাদেই পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ড আৰু পলাশবাৰী থানাৰ অধীনৰ অসম মেঘালয় সীমান্তৰ মাটাইখাৰ, ৰংচাই, বাখলাপাৰা, পাটগাঁও আদি অঞ্চলৰ বিভিন্ন পথৰে দিনৰ পোহৰতে নম্বৰপ্লেট বিহীন ডি আই বা পিক আপ ভানৰে প্ৰায় নিয়মীয়াকৈ চোৰাংকৈ মেঘালয়লৈ গৰু সৰবৰাহ হৈ আছে।
প্ৰাপ্ত খবৰ অনুসৰি মুদুকী, ৰংচাই, বাখলাপাৰা হৈ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ পাথাৰখামাৰ দিশে গৰু সৰবৰাহ কৰা প্রত্যক্ষ কৰি আহিছে বহুলোকে। অঞ্চলটোৰ একাংশ লোকে জানিবলৈ দিয়া মতে মেঘালয়লৈ চোৰাংকৈ গৰু সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৰ নেতৃত্বত আছে তাৰ পৰা কিছু নিলগৰ বৰদুৱাৰ বাগানৰ শান্তিপুৰৰ আলী নামৰ এজন মাফিয়া তেওঁৰ সৈতে গো সৰবৰাহকাৰী দুষ্ট চক্ৰটোত আছে বিভিন্ন সমাজ বিৰোধী কার্যত জড়িত আন কেবাজনো লোক। জানিব পৰা মতে পলাশবাৰী থানাৰ অন্তর্গত কিন্তু আৰক্ষীৰ পহৰা ব্যৱস্থা নথকা পশ্চিম গুৱাহাটীৰ মাটাইখাৰ, ৰংচাই, পাটগাঁও, বাখলাপাৰা আদি সীমান্তবর্তী অঞ্চলৰ পথ ব্যবহাৰ কৰি মেঘালয়ৰ ৰিভয় জিলাৰ একাংশ দুর্নীতিগ্ৰস্ত আৰক্ষীৰ সহযোগত সৰুপাহাম, জিৰা, পাথাৰখামা হৈ বাংলাদেশলৈ কৌশলেৰে চোৰাংকৈ গৰু সৰবৰাহ কৰি আহিছে।
জানিব পৰা মতে গো মাফিয়া চক্ৰটোৱে মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ কৰা গৰু সমূহ দক্ষিণ কামৰূপৰ গৰৈমাৰী, সোণতলী নগৰবেৰা, কালাতলীৰ উপৰিও বৰপেটা জিলাৰ বহৰি আদি অঞ্চলৰ পৰা সংগ্ৰহ কৰে। তাৰ পাছত চেগ বুজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সহজে বাটৰহাট, ৰঙামাটি , শানপাৰা , জজি , সতপুৰ , লোহাৰঘাট , গাড়ীৰলিক , মাটাইখাৰ , পাটগাঁও , ৰংচাই , বাখলাপাৰা হৈ টাটা ডি আই বা বলেৰো পিক আপ ভানেৰে , মেঘালয়ৰ ৰিভয় জিলাৰ সৰুপাহাম, জিৰাং, পাথাৰখামাত প্ৰৱেশ কৰে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোত এই পর্যন্ত আৰক্ষীৰ কোনো পহৰা ব্যৱস্থা নাই। যাৰবাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে মধ্যবর্তী আৰু সকলো ফালৰ পৰা যোগাযোগৰ সুচল স্থান হিচাপে পৰিচিত মাটাইখাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বা মাটিফুটা সত্ৰৰ সমীপত আৰক্ষী চকী স্থাপন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে। শেহতীয়াভাবে কৃষি কাৰ্যত ব্যবহাৰ হোৱা ইউৰীয়া সাৰ গৰুৰ দৰে একে পদ্ধতিৰে ডি আই বা বলেৰো পিক আপ ভানৰে উল্লিখিত পথৰে চোৰাংকৈ মেঘালয়ৰ দিশে লৈ যোৱা প্ৰত্যক্ষ কৰিছে অঞ্চলটোৰ লোকসকলে। যাৰ বাবে গৰুৰ সৈতে বাংলাদেশলৈ ইউৰীয়া সাৰ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন লোকসকলে ।