শুকুৰবাৰে CBIয়ে গ্ৰেপ্তাৰ কৰে ICICI বেংকৰ প্ৰাক্তন পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক। ICICI বেংক-ভিডিঅ’কন মানি লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ কৰে আটাইকেইজনক।
CBIৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে অভিযুক্ত প্ৰাক্তন ICICI বেংকৰ CEO চান্দা কোছাৰে ভিডিঅ’কন গ্ৰুপ অফ কোম্পানীৰ বাবে ঋণ মুকলি কৰিছিল আৰু চান্দা কোছাৰৰ স্বামী দীপক কোছাৰৰ মালিকানাধীন এটা কোম্পানীত ভিডিঅ’কনে বিনিয়োগ কৰিছিল। এই গোচৰ অনুসৰি চন্দা কোছাৰে বেংকটো নেতৃত্ব কৰাৰ সময়ত ICICIয়ে ভিডিঅ’কন গ্ৰুপক ৩২৫০ কোটি টকাৰ ঋণ দিছিল।